চিকিৎসাৰ সীমা পাৰ কৰি বিশ্বাসৰ যাত্ৰা

0
8

এটা মন্দিৰ, যি মন্দিৰত ধন-সম্পত্তি, সুখ বা সফলতাৰ বাবে নহয়, এক বিশেষ কাৰণতহে ভক্তৰ ভিৰ লাগে। হয়, এই মন্দিৰত চুলিৰ সমস্যা সমাধানৰ বাবে প্ৰাৰ্থনা কৰে ভক্তই। 

ডিজিটেল ডেস্কএটা মন্দিৰ, যি মন্দিৰত ধন-সম্পত্তি, সুখ বা সফলতাৰ বাবে নহয়, এক বিশেষ কাৰণতহে ভক্তৰ ভিৰ লাগে। হয়, এই মন্দিৰত চুলিৰ সমস্যা সমাধানৰ বাবে প্ৰাৰ্থনা কৰে ভক্তই। 

ক’ত আছে এই মন্দিৰ ?

জাপানৰ কিয়’ট’ৰ আৰাছিয়ামা অঞ্চলত বিখ্যাত বাঁহৰ অৰণ্যৰ ওচৰত অৱস্থিত চুলিৰ বাবে প্ৰাৰ্থনা কৰা এই মন্দিৰটো। নাম মিকামি শ্ৰাইন। ভক্তৰ অনন্য বিশ্বাসৰ বাবে এই মন্দিৰ এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

জাপান ১

আজিকালি চুলি সৰা এটা সাধাৰণ সমস্যা হৈ পৰিছে। চুলি সৰা তথা তপা হোৱা লোকৰ বাবে আস্থাৰ থল এতিয়া মিকামি শ্ৰাইন মন্দিৰ। এই মন্দিৰলৈ আহি ভক্তই চিঠি লিখি চুলিৰ স্বাস্থ্যৰ বাবে বিশেষ ৰীতি-নীতিৰে প্ৰাৰ্থনা কৰে। 

উল্লেখ্য যে, ১৯৬০ত স্থাপিত এই মন্দিৰটো জাপানৰ প্ৰথম চুলি সৰা শিল্পী বুলি গণ্য কৰা ফুজিৱাৰা উনেমেনোছুকে মাছায়ুকিৰ নামত উৎসৰ্গিত। আজিলৈকে জাপানৰ বহু নাপিতে তেওঁৰ সন্মানত প্ৰতি মাহৰ ১৭ তাৰিখে চেলুন বন্ধ কৰি ৰাখে।

হেয়াৰ ষ্টাইলিষ্ট, বিউটিচিয়ানেও ভ্ৰমণ কৰে এই মন্দিৰ

ইফালে, চুলিৰ সমস্যাৰে জৰ্জৰিতসকলৰ লগতে বৃহৎ সংখ্যক নাপিত, চুলিৰ ষ্টাইলিষ্ট, সৌন্দৰ্য্যবিদো আশীৰ্বাদ বিচাৰি এই মন্দিৰ দৰ্শন কৰে। তেওঁলোকে নিজৰ কাম আৰু চুলিৰ স্বাস্থ্যৰ লগত জড়িত সমস্যা সমাধানৰ বাবে প্ৰাৰ্থনা কৰে। শেহতীয়াকৈ ভ্ৰমণকাৰী তথা কন্টেন্ট ক্ৰিয়েটৰ শ্বাৰভিন আব্ডলহামিডিয়ে এই মন্দিৰত নিজৰ অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, যাৰ বাবে এই মন্দিৰটো পুনৰ চৰ্চালৈ আনে।

জাপান

কিয় বিশেষ এই মন্দিৰ ?

বিশেষজ্ঞসকলৰ মতে, এই মন্দিৰটো কেৱল বিশ্বাসৰ প্ৰতীক হিচাপেই নহয়, চিকিৎসা সীমিত হ’লে আশা আৰু বিশ্বাসো এজন ব্যক্তিৰ বাবে এক বৃহৎ শক্তি হ’ব পাৰে, সেয়াও এই মন্দিৰে প্ৰমাণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here