
দেওবাৰে নামৰূপত প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১০,৬০০ কোটি টকাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্ৰী মোদীয়ে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্ভাষণ জনায় প্রধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোত এম’নিয়া আৰু ইউৰিয়া উৎপাদন হ’ব। বছৰি ১২লাখ মেট্ৰিকটন সাৰ উৎপাদন হ’ব। এদিনত ২,২০০ টন এম’নিয়া, ৩,৮৫০ টন ইউৰিয়া উৎপাদন হ’ব। ২০৩০ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হ’ব।
নামৰূপৰ হাপজান পথাৰত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমীয়াতে ভাষণ আৰম্ভ কৰে প্রধানমন্ত্ৰী মোদীয়ে। উজনিৰ ৰাইজ কেনে আছে বুলি কৈ ভাষণ আৰম্ভ কৰে প্রধানমন্ত্ৰীয়ে। অসমবাসীক প্ৰধানমন্ত্ৰীয়ে যাচিলে মৰম। চ্যুকাফাৰ পৰা সতী সাধনীলৈ মোদীৰ শ্ৰদ্ধাঞ্জলি। ভীমবৰ দেউৰী, ইন্দিৰা মিৰি, সৰ্বানন্দ সিংহকো স্মৰণ মোদীৰ। লাচিত বৰফুকন, কুশল কোঁৱৰকো মোদীয়ে যাচে শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘নামৰূপৰ দীৰ্ঘদিনীয়া সপোন আজি পূৰণ হ’ল। আজি সকলোৰে মুখে মুখে অসমৰ বিকাশৰ কথা। এয়া মাত্ৰ আৰম্ভণি, অসমক বহু আগুৱাই নিব লাগিব। আহোম ৰাজ্যৰ দৰে শক্তিশালী হ’ব বিকশিত অসম। এই সাৰ কাৰখানাটো অসমৰ কৃষকৰ নামত সমৰ্পণ কৰিলোঁ। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ সপোন সফল কৰিছে। নামৰূপৰ প্ৰকল্পই সংস্থাপনৰ নতুন বাট মুকলি কৰিব। প্ৰকল্পটোৱে অসমৰ কৃষকৰ সাৰৰ চাহিদা পূৰণ কৰিব।’’


